ENVIAR LETRAS
Top 100
Lanzamientos de álbumes
Artistas
Comunidade
Francés
Portuguese
Inglés
Corrección Letra
Nakhyatra (Assamese)
par
Abhi Saikia
Regreso
Letra
{Verse 1: Shankuraj Konwar} এধানমানি মৰমৰে ভাৰ কিমান জুখিব কোনে? সুপ্ত নয়নৰে গুপুত অভিমান বুজাব কোনে? স্মৃতিকোমোল বালিচাপৰিত সময় শিশু হৈ খেলে সাধুকথা উহনি হৈ ওমলে {Pre-Chorus 1 : Shankuraj Konwar} এজাক ৰুদ্ৰ বতাহে পাৰ ভাঙে উটুৱাই প্ৰাণ বাৰুদৰ গানে এখনি ক্লান্ত নদীৰ সীমনাত হাঁহাকাৰ এখনি ক্লান্ত নদীৰ সীমনাত হাঁহাকাৰ {Chorus: Shankuraj Konwar} পুৱতি নিশাৰ আকাশত গিলি জোন জিলিকিছে নক্ষত্ৰ সাৱতি অলেখ তৰালিৰ বৰষুণ সোঁৱৰণি নিচিদ্ৰ এটি-দুটি ক্ষণ গুঠি ফুলে মালতী সৰি পৰে নক্ষত্ৰ দাদা তই কোন দিশে হেৰুৱালি বাট হেৰুৱালি অস্তিত্ব? {Verse 2: Shankuraj Konwar} এচেৰেঙা কোমল ৰ'দালিৰ পৰশ সমাধিৰ ভূষণ প্ৰতিধ্বনিৰ কোলাত আবেলি অলস মানৱতা হেৰুৱা এই পৃথিৱীত দানৱৰ শোষণ স্বপ্নহীনতাতে ভুগিছে সময় {Pre-Chorus 2 : Shankuraj Konwar} সামৰি উত্ৰাৱল সাগৰ মৰুভূমি শোণিতৰ ৰাঙলী ৰহণ চুমি বিচাৰো শান্তিৰ এহালি বনৰীয়া পখী বিচাৰো শান্তিৰ এহালি বনৰীয়া পখী {Chorus: Shankuraj Konwar} পুৱতি নিশাৰ আকাশত গিলি জোন জিলিকিছে নক্ষত্ৰ সাৱতি অলেখ তৰালিৰ বৰষুণ সোঁৱৰণি নিচিদ্ৰ এটি-দুটি ক্ষণ গুঠি ফুলে মালতী সৰি পৰে নক্ষত্ৰ দাদা তই কোন দিশে হেৰুৱালি বাট হেৰুৱালি অস্তিত্ব?
videoclip
Tu nombre será publicado. Deje los campos en blanco para permanecer en el anonimato.
Enviar
Modal title
×
Insertar medios
Video URL?
(YouTube, Vimeo, Instagram, DailyMotion, Soundcloud)
×
Recuérdame
Contraseña perdida
Conectarte
Registrarse